BAJARANG DAL LEADER THREATENS TO KILL AKHIL GOGOI.
◼এটা ফেচবুক লাইভ VIDEO ত তোলপাৰ ৰাজ্য ।
◼কৃষক নেতা অখিল গগৈক প্ৰথম আৰু শেষ বাৰৰ বাবে প্ৰাণৰ ভাবুকি বজৰং দলৰ নেতাৰ ।
◼টুটু মান্তাৰ সন্ধান দিওতাক এক লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৃষক মুক্তিৰ ।
ছচিয়েল মিডিয়াত ভাইৰেল এটা ফেচবুক লাইভ ভয়ংকৰ ভিডিঅ' । দুই মিনিট ৪৮ ছেকেণ্ডৰ এই সাম্প্ৰদায়িক ফেচবুক ভিডিঅ'টোৱে ইতিমধ্যে তোলপাৰ লগাইছে সমগ্ৰ ৰাজ্যজুৰি । কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈক প্ৰাণৰ ভাবুকি । ফেচবুকত কৃষক নেতা অখিল গগৈক প্ৰাণৰ হুংকাৰ বজৰং দলৰ নেতাৰ ।
হয়, ৰাজ্যত বৰ্তমান সময়ত অব্যাহত আছে এটা অশুভ পৰম্পৰা । ফেচবুকত কৃষক নেতা অখিল গগৈক মুকলিকৈ প্ৰাণৰ হুংকাৰ । বজৰং দলৰ নেতাই দিলে এই প্ৰাণে মৰাৰ ভাবুকি । নাম- টুটু মান্তা । ঘৰ- বঙাইগাঁও জিলাৰ নিউ বঙাইগাঁও ইষ্ট- ৱেষ্ট কলনি । নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ কৰি গলে কৃষক নেতা অখিল গগৈৰ প্ৰাণ লোৱাৰ হুংকাৰ বজৰং দলৰ নেতা টুটু মান্তাৰ । অকল এয়াই নহয়, চৰম সাম্প্ৰদায়িক মন্তব্যৰে অখিল গগৈক আক্রমণ কৰি টুটু মান্তাৰ সকীয়নি- তই বাংলাদেশী, তই হিন্দুৰ বিৰুদ্ধে কেতিয়াও নালাগিবি । বজৰং দলকে ধৰি হিন্দুৰ ৬৩০ টা সংগঠন আছে আৰু এই সকলো সংগঠনে বিজেপিৰ হৈ কাম কৰিছে বুলিও মন্তব্য কৰে মান্তাই । বিজেপিৰ আৰ্শিবাদত চলা একাংশই সম্প্ৰতি আন্দোলনকাৰীক প্ৰাণনাশৰ ভাবুকি দিয়ে হিন্দু বাংলাদেশী সংস্থাপনৰ চেষ্টা অব্যাহত ৰখা উগ্ৰ সাম্প্ৰদায়িক সংগঠনে । উল্লেখ্য যে- বিধেয়ক বিৰোধী আন্দোলন কৰাৰ বাবেই এতিয়া স্বয়ং অসমতেই বৃদ্ধি আন্দোলনকাৰীক ভাবুকি দিয়া লোকৰ সংখ্যা । অখিল গগৈয়ে হেনো বাধা দিছে হিন্দু ৰাষ্ট্র নিৰ্মাণত । ফেচবুকত মুকলিকৈ সাম্প্ৰদায়িক মন্তব্য কৰা, অখিল গগৈক প্ৰাণে মৰাৰ ভাবুকি দিয়া বজৰংগী নেতা টুটু মান্তাৰ বিৰুদ্ধে এজাহাৰ দাখিল বঙাইগাঁও কৃষক মুক্তিৰ, গ্ৰেপ্তাৰৰ দাবী উঠিছে সৰ্বত্ৰে । কিন্তু অতি ৰহস্যজনক ভাবে গা লৰা নাই আৰক্ষী প্ৰসাশনৰ । ইফালে এই ফেচবুক লাইভ দিয়াৰ পাছতেই ঘৰ এৰি পলায়ন কৰিছে টুটু মান্তাই । ইপিনে, অখিল গগৈক প্ৰাণৰ হুংকাৰ দিয়া টুটু মান্তাৰ সন্ধান দিওতাক এক লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছে বঙাইগাঁও জিলা কৃষক মুক্তি সংগ্রাম সমিতিয়ে ।
0 Comments